অ চেনাই, অ চেনাই
অ চেনাই.........
দেহাৰে পোৰণি,
নিশা নাহে টোপনি
দুৰৈৰে পেপাঁটি,
নিশা কৰে আমনি...
তোৰে কথা পাতি উজাগৰে ৰাতি যায় চেনাই..... তোলৈয়ে মনত পৰে
অ চেনাই তোলৈ মনত পৰে
অ চেনাই তোলৈ মনত পৰে............
বহাগ বিহুৰ বতৰ আহিল গমেই নাপালি
খোপাতে মোৰ কেতেকী ফুল গুজি নিদিলি....
ঢোল পেপাঁ গগণা বাজিছে মোৰ চেনাই ধন,
কমুৱা তুলাৰ দৰে উৰিছে মন চেনাই ধন.....
অ চেনাই তোলৈ মনত পৰে,
অ চেনাই তোলৈ মনত পৰে.....
দেহাৰে পোৰণি.............
যোৱা বেলি বিহুতে তই কথা দিছিলি
এই বেলি বিহুৰ তলিত দেখাই নিদিলি....
ঢোল পেপাঁ গগণা বাজিছে মোৰ চেনাই ধন
কমুৱা তুলাৰ দৰে উৰিছে মন চেনাই ধন....
অ চেনাই তোলৈ মনত পৰে,
অ চেনাই তোলৈ মনত পৰে........
দেহাৰে পোৰণি.............