অহাৰ দৰে উভতি আঁতৰি গ'লা
বাটে বাটে ফুল সিচি থৈ,
ৰ'দৰ তাপত মৰহি শুকালে
তোমাৰ কথাকে আছে কৈ ॥
ভৰ বাৰিষাৰ মেঘৰ দৰে
আহিছিলা বুৰাও বুলি
বৰষি বৰষি মোৰ হৃদয়ৰ
তিয়ালা যে পথৰ ধূলি ।
নেজানো কিয় যে তুমি আঁতৰি গ'লা
বুকুভৰা অভিমান লৈ ॥
বাৰিষাৰে ঢল আকৌ শুকাল
মাথো পৰি ৰ'ল বালিচৰ
জীৱন ডিঙা মোৰ তাতে মেলিলো
ব'ঠা তোমাৰ চেনেহৰ ।
আজি যে শুকাল প্ৰীতি নদীখনি
লাগি আছো মোহনাত গৈ ॥
No comments:
Post a Comment